টি-২০ বিশ্বকাপ: ভাৰতৰ পৰাজয়ৰ পিছতে ছ’চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন মহম্মদ ছামী

138

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ চুপাৰ ১২ ৰ গ্ৰুপ ২ খেলত পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰাৰ পিছতে সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হৈছে ভাৰতীয় বলাৰ মহম্মদ ছামী।

একাংশ নেটিজেনে আনকি সামাজিক মাধ্যমত ছামীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য লিখাও পৰিলক্ষিত হৈছে। ছামী মুছলমান হোৱাৰ বাবেই পাকিস্তানৰ পক্ষ লৈ বলিং কৰা বুলি কোনো কোনো নেটিজেনে মন্তব্য কৰিছে।

এজন চচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, “এজন মুছলমানে পাকিস্তানৰ পক্ষ লৈছে। আপুনি কিমান টকা পাইছিল?”।

অৱশ্যে, বহুতে মহম্মদ ছামীৰ সপক্ষেও মাত মাতিছে চচিয়েল মিডিয়াত। তেওঁলোকৰ এজনে লিখিদে, “অনুগ্ৰহ কৰি অবাঞ্ছিত মন্তব্য পোষ্ট নকৰিব। যিকোনো ঘটনা ঘটিব পাৰে, এয়া কেৱল খেলহে। তাৰ বাবে ঘৃণা বিয়পোৱা বন্ধ কৰক”।

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত খেলখনত পকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। কালিৰ খেলখনত পাকিস্তানৰ হৈ মহম্মদ ৰিজৱান (৫৫ টা বলত ৭৯ নট আউট) আৰু বাবৰ আজমে (৫২ টা বলত ৬৮ নট আউট) আশ্চৰ্যজনক বেটছমেনশ্বিপ প্ৰদৰ্শন কৰি পাকিস্তানক ভাৰতক দহ উইকেটত পৰাস্ত কৰাত সহায় কৰে।

প্ৰথমে বলিং কৰিবলৈ নিৰ্বাচিত হৈ পাকিস্তানে ভাৰতক ২০ অভাৰত ১৫১/৭ ৰাণত সীমাবদ্ধ ৰাখে। ১৫১ ৰাণৰ লক্ষ্যৰে খেল পথাৰত নামি দুৰ্দান্ত প্ৰদৰ্শনেৰে এটাও উইকেত নেহেৰুৱাকৈ পকিস্তানে জয়লাভ কৰে।

ইফালে ভাৰতৰ এই শোচনীয় পৰ্যায়ৰ কাৰণ দলটোৰ বলিং লাইন বুলি মন্তব্য কৰিছে ক্ৰিকেট বিশ্লেষক সকলে।