টিনপাতৰ ঘৰ আৰু বেৰ থকা দৰিদ্ৰ‌ই নপাব PMAY যোজনাৰ

267

টিনপাতৰ ঘৰ আৰু বেৰ থকা দৰিদ্ৰ‌ই নপাব PMAY যোজনাৰ ঘৰ।গৌৰীপুৰৰ বৰাইবাৰীত দৰিদ্ৰ হিতাধিকাৰীৰ মাজত হাহাকাৰ। নিয়ম সলনি কৰাৰ দাবীও উত্থাপন কৰে।

দেবীতোলা উন্নয়ন খণ্ড কাৰ্যালয়ৰ বৰাইবাৰী গাওঁ পঞ্চায়তৰ দৰিদ্ৰ হিতাধিকাৰীয়ে নাপাব নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ?
পকী খুটা আৰু টিনপাতৰ ঘৰৰ লগতে টিনপাতৰ বেৰ থকা হিতাধিকাৰীয়ে নাপাব চৰকাৰী আচনিৰ ঘৰ।
অলপতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কাইৰীয়ে এখন নিৰ্দেশ যোগে তেনে পৰিয়াল সমূহক আচনিৰ ঘৰ নিদিবলৈ জাননী জাৰিছে।
চৰকাৰে এনে নিৰ্দেশনা জাৰি কৰাৰ পাছত আজি বৰাইবাৰী গাওপঞ্চায়ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়।
সভাখনত উপস্থিত হৈ দৰিদ্ৰ হিতাধিকাৰী সকলে বিভাগৰ এনেকুৱা নিয়ম সাল সলনি কৰাৰ দাবী তোলে।
গ্ৰামাঞ্চলৰ এই সকল হিতাধিকাৰীৰ মতে,বনৰ ঘৰ,বনৰ বেৰৰ খৰচৰ তুলনাত টিনপাতৰ ঘৰ আৰু বেৰৰ কাম, কম খৰচত কৰিব পৰা যায়,লগতে টিনৰ ঘৰ আৰু বেৰ বেছি দিনলৈ টিকি থাকে।সেই বাবেই দৰিদ্ৰ আৰু ভিক্ষাৰী সকলেও টিনপাতৰ ঘৰৰ বেৰত টিনপাতৰ বেৰ লগায়।
সম্প্ৰতি চৰ আৰু গ্ৰামাঞ্চলত জুপুৰি ঘৰ আৰু বনৰ বেৰ দিয়া পৰিয়াল নাই বুলি দৰিদ্ৰ হিতাধিকাৰী সকলে মন্তব্য কৰে।
তেন্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কোনে পাব বুলি এই সকল হিতাধিকাৰী সকলে প্ৰশ্ন তোলে।তদন্ত মুলে দৰিদ্ৰ পৰিয়াল বোৰ চিনাক্ত কৰি আচনিৰ ঘৰ দিবলৈ চৰকাৰৰ বিভাগক অনুৰোধ জনায় পঞ্চায়ত খনৰ লোকসকলে।
লগতে চৰকাৰৰ নিয়ম সালসলনি কৰিবলৈ দাবী জনাইছে এইসকল দৰিদ্ৰ পৰিয়ালে।