টাটা মটৰ্ছৰ আইকনিক ফ্লেগছিপ এছ ইউ ভি চাফাৰী মুকলি উত্তৰ-পূৰ্বাঞ্চলত

95

ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটাই উত্তৰ পূব বাসীৰ বাবে মুকলি কৰে প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী । প্ৰাৰম্ভিক মূল্য হৈছে  ১৪.৬৯ লাখ টকা । টাটা মটৰ্ছৰ প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী মডেলটোৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত মহানগৰীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত । বাহনখনৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে । উদ্বোধনী অনুষ্ঠিত উপস্থিত থাকে টাটা মটৰ্ছৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পল, বিজনেছ আৰু ইনষ্টিটিউচনৰ চিনিয়ৰ মেনেজাৰ প্ৰখ্যাত বৰুৱা,টেৰিটৰিয়েল চেলছ মেনেজাৰ ঋত্বিক হেমকা আৰু কামাখ্যা মটৰছৰ স্বতাধিকাৰী মদন মালহোট্ৰা ।

আকৰ্ষণীয় ডিজাইন,অতুলনীয় বহুমুখীতা,আৰামদায়ক ইন্টেৰিয়ৰ আৰু শক্তিশালী ক্ষমতাসম্পন্ন ইঞ্জিনেৰে গ্ৰাহকক এক আৰামী তথা আধুনিক অভিজ্ঞতাৰে  সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব নতুন গাড়ীখনে । আজিৰে পৰা  উত্তৰ-পূৰ্বাঞ্চলৰ আপোনাৰ নিকটৱৰ্তী টাটাৰ শ্ব’ৰুমত উপলব্ধ হ’ব গাড়ীখন । দায়টনা গ্ৰে’,ট্ৰপিকেল মিষ্ট আৰু অৰ্কাছ হুৱাইট ৰঙত গাড়ীখন গ্ৰাহকৰ বাবে উপলব্ধ ।

টাটা মটৰ্ছৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পলে কয় যে,-“চাফাৰীয়ে ভাৰতক এছইউভি জীৱনশৈলীৰ সৈতে পৰিচয় কৰাইছিল আৰু ইয়াৰ নতুন সংস্কৰণ গ্ৰাহকৰ বহুমুখী জীৱনশৈলীৰ সৈতে জড়িত ।   প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী আধুনিক ইন্টেৰিয়ৰ প্ৰিমিয়াম বৈশিষ্ট্য যুক্ত ।

‘এডভেঞ্চাৰ’ভালপোৱা গ্ৰাহকসকলে চাফাৰীক প্ৰাধান্য দিয়াৰ লগতে অধিক পছন্দ কৰে । কাৰণ চাফাৰীয়ে গ্ৰাহকক ন-ন অভিজ্ঞতা প্ৰদান কৰে”। 

চাফাৰীৰ বহুমুখীতাই গ্ৰাহকক আৰাম আৰু আশ্বাস প্ৰদান কৰে । শক্তিশালী ২.০ লিটাৰ টাৰ্বচাৰ্জ কাইৰটেক ইঞ্জিন আৰু ইয়াৰ ২৭৪১ মিলিমিটাৰ হুইলবেচ আৰু এছৱুড যুক্ত ডেছবৰ্ড । লগতে,প্যানোৰেমিক চানৰুফ যুক্ত চাফাৰীৰ এই নতুন মডেলত

 8.8 ইঞ্চিৰ ইনফোটেইনমেন্ট চিষ্টেম সংযুক্ত। টাটা মটৰ্ছৰ আন আন বাহনৰ দৰেই এই নতুন সংস্কৰণৰ বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে টাটা মটৰ্ছে । চাফাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপ্ৰদান কৰি  কেইটামান বিশেষত্ব সংযোজন কৰিছে টাটা মটৰ্ছে । উদাহৰণস্বৰুপেঃ ডিস্ক ব্ৰেক,ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক আৰু ১৪ টা কাৰ্যকাৰিতা থকা এটা উন্নত ই.এছ.পি চিষ্টেম ।এই নতুন চাফাৰীখন ৯টা ভিন্ন মডেলত উপলব্ধ হ’ব । এক্স.ই ৰ পৰা আৰম্ভ কৰি এক্স জেড এ+ লৈ নটা ভিন্ন মডেল উপলব্ধ হ’ব বজাৰত । ২০২০ বৰ্ষৰ দৰে এটা প্ৰত্যাহ্বানজনক বছৰত টাটা মটৰছে যাত্ৰীবাহী বাহনৰ বজাৰত এক সুন্দৰ স্থান দখল কৰিছে । বছৰটোৰ অক্টোবৰ মাহৰ পৰা ক্ৰমাগতভাৱে প্ৰতিমাহে ২৩,০০০তকৈও অধিক ইউনিট বিক্ৰী কৰি আহিছে।এই বৰ্ধিত চাহিদাৰ কাৰণ বি এছ ৬মডেলৰ সংযোজন ।