টকিঅ’ অলিম্পিকঃ মল্লযোদ্ধা ৰবি দহিয়াৰ ৰূপৰ পদক অৰ্জন

145

ডিজিটেল ডেস্কঃ দুৰ্দান্ত প্ৰদৰ্শন কৰিও ফাইনেলত পৰাস্ত হয় ভাৰতীয় মল্লযোদ্ধা ৰবি দহিয়া। টকিঅ’ অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰি পৰাস্ত হ’লেও অৱশেষত ৰূপৰ পদক অৰ্জনেৰে পুনৰ এবাৰ ভাৰতৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হয় মল্লযোদ্ধা ৰবি দহিয়াই।

উল্লেখ্য যে, ৫৭ কেজি শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছালমক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৰবি দহিয়াই। তেওঁ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিছিল জাভুৰ য়ুগুয়েভৰ বিৰুদ্ধে। খেলখনৰ প্ৰথমাৰ্ধ্বত ৰবি দহিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে নিজৰ স্থিতি শক্তিশালী কৰে যদিও অৱশেথ ৪-৭ৰ ব্যৱধানত পৰাজিত হয় তেওঁ।

ৰবি দহিয়াই ৰূপক পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী। প্ৰতিজন ভাৰতীয়ই আজি ৰবি দহিয়াক মৰম আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে।