টকিঅ’ অলিম্পিকঃ আজি প্ৰি-কোৱাৰ্টাৰ খেলত অৱতীৰ্ণ হব মেৰীকম

107

ডিজিটেল ডেস্কঃ আজি টকিঅ’ অলিম্পিকত কলম্বিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত নামিব ভাৰতীয় মহিলা বক্সাৰ এম চি মেৰীকমে। ৫১ কেজি শাখাৰ প্ৰি কোৱাৰ্টাৰ এই খেলখনত মেৰীকমৰ প্ৰতিদ্বন্দ্বী হব কলোম্বিয়াৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া। ভাৰতীয় সময়ানুসৰি বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হব টকিঅ’ অলিম্পিকৰ এই হাইভল্টেজ খেলখন।

উল্লেখ্য যে, যোৱা ২৫ জুলাইত টকিঅ’ অলিম্পিকৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল এম চি মেৰীকম। খেলখনত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল বক্সিং জগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ এম চি মেৰীকমে।

ইফালে আজি অনুষ্ঠিত হবলগা খেলখনত মেৰীকমৰ প্ৰতিদ্বন্দ্বী ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া হৈছে বিশ্ব ৰেংকিঙত অষ্টম স্থান দখল কৰি থকা মহিলা বক্সাৰ। তেনে পৰিপ্ৰেক্ষিতত মেৰীকমৰ বাবে এই খেলখনত জয়লাভ কৰাটো পদক জয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। কিন্তু লণ্ডন অলিম্পিক গেমছত ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক কঢ়িয়াই অনা অপ্ৰতিৰোধ্য মেৰীকমে এইবাৰো অলিম্পিকত ভাৰতক উজ্বলাই তুলিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে ভাৰতবাসীয়ে।