ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

78

ঝাৰখণ্ডত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব। মুখ্যমন্ত্ৰী চোৰেনক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আশংকাৰ মাজতে তেওঁৰ পত্নী কল্পনা চোৰেন মুখ্যমন্ত্ৰী হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক এতিয়ালৈকে ইডিয়ে ১০ বাৰ চমন জাৰি কৰিছে। ইটোৰ পিছত সিটোকৈ চমন জাৰি হৈ থাকিল যদিও এতিয়ালৈকে চোৰেন আৰু ইডিয়ে এবাৰহে মুখামুখি সম্ভৱ হৈছিল। আজি দ্বিতীয়বাৰৰ বাবে চোৰেনে ইডিৰ আগত হাজিৰ হ’ব।

শেহতীয়াকৈ হেমন্ত চোৰেন নিৰুদ্দেশ হোৱাৰো খবৰ প্ৰকাশ পাইছিল। পিছত পোহৰলৈ আহিল যে তেওঁ কিছু ব্যক্তিগত কামৰ বাবে পথেৰে ১৩০০ কিলোমিটাৰ যাত্ৰা কৰি দিল্লীলৈ গৈছিল। কালি তেওঁক ৰাঁচীত দেখা যায়, য’ত তেওঁ তেওঁৰ চৰকাৰৰ বিধায়কসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। কোৱা হৈছিল যে হেমন্ত চোৰেনে ১৩০০ কিলোমিটাৰ পথেৰে যাত্ৰা কৰিছিল যাতে ইতিমধ্যে তেওঁৰ ঘৰ আৰু বিমানবন্দৰত পহৰা দি থকা ইডিৰ বিষয়াসকলৰ দৃষ্টিৰ পৰা হাত সাৰিব পাৰে।

যেতিয়া হেমন্ত চোৰেনক তেওঁৰ ৰাঁচীৰ ঘৰতো পোৱা নগ’ল আৰু খবৰ আহিল যে তেওঁ দিল্লীলৈ গৈছে, দক্ষিণ দিল্লীত থকা তেওঁৰ ঘৰত উপস্থিত হয় ইডিৰ দল। তাতো চোৰেনক পোৱা নগ’ল যদিও তদন্তকাৰী বিষয়াই ইয়াৰ পৰা ৩৬ লাখ টকা আৰু এখন বিএমডব্লিউ জব্দ কৰে। কালি পুৱা মুখ্যমন্ত্রী চোৰেনে ৰাঁচীত উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্রীৰ বাসগৃহত বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকত উপস্থিত থাকে চোৰেনৰ পত্নী কল্পনা চোৰেনো।