ঝাৰখণ্ডৰ পশ্চিম সিংভূমত বৃহস্পতিবাৰে মাওবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণৰ ফলত তিনিজন নিৰাপত্তাৰক্ষী আহত হয়।
আহত জোৱানকেইটাক বিমানযোগে ৰাঁচীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।
মেৰালগাডা আৰু হাতীবুৰু গাঁৱৰ মাজৰ জংঘলত মাওবাদী নেতা সমবেত হোৱাৰ খবৰ পাই জোৱানসকলে ততাতৈয়াকৈ অঞ্চলটোলৈ আহিছিল।
