২০২১-ৰ বিধানসভাৰ নিৰ্বাচনকলৈ হাজোত বিজেপিৰ ৰণকৌশল সম্পৰ্কে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই এক নতুন ৰাজনৈতিক সমীকৰণ দাঙি ধৰে ৷ যাৰ জৰিয়তে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ইংগিত দিয়ে যে ২০২১-ৰ নিৰ্বাচনত কেৱল জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে লাভ কৰিব বিজেপিৰ টিকট ৷
আনহাতে হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়াই টিকট পাবনে নাপায় সেই বিষয়ক লৈ এতিয়াই কোনো স্পষ্ট মন্তব্য প্ৰকাশ কৰা নাই দিলীপ শইকীয়াই। লগতে শইকীয়াই বিজেপিৰ এশ খনৰো অধিক আসন সম্ভৱ হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে। কিন্তু এতিয়ালৈ মিত্ৰদলৰে আসন বুজাবুজি চূড়ান্ত হোৱা নাই বুলি জানিব দিয়ে শইকীয়াই ।
উল্লেখ্য, নলবাৰীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা মহাসাগৰত পৰিণত হ’ব বুলি দাবী কৰি দিলীপ শইকীয়াই কয় যে অমিত শ্বাহৰ সভাত অসমত বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিব ৷
