জ্যেষ্ঠ কংগ্ৰেছ নেতা বিকাশ উপাধ্যায়ৰ উজনি অসম ভ্ৰমণ, বিজেপিক ক্ষুৰধাৰ সমালোচনা

67

ডিজিটেল ডেস্ক: বিজেপিয়ে ধনবল আৰু ক্ষমতাৰ অপপ্ৰয়োগেৰে বিভিন্ন ৰাজ্যত জনতাৰ মতৰ বিপৰীতে চৰকাৰ গঠন কৰি আহিছে। এই অভিযোগ উজনি অসমৰ ৩৮টা বিধানসভা সমষ্টিত কংগ্ৰেছৰ চোৱা চিতাৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা বিকাশ উপাধ্যায়ৰ। শুকুৰবাৰে উজনি অসম ভ্ৰমণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক বিকাশ উপাধ্যায়ে যোৰহাটৰ এখন বিশেষ দলীয় সভাত অংশ লয়। তাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ কয়, ‘বিজেপিৰ বাবে বিভিন্ন স্থানত ধৰ্ম , জাত-পাতক লৈ হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছে । বিজেপিয়ে ধনবল আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি বহুকেইটা নিৰ্বাচনত জনসাধাৰণৰ ৰায়ৰ বিপৰীতে চৰকাৰ গঠন কৰিছে। নিজৰ দলৰ লোকৰ ওপৰত বিশ্বাস নথকা বাবেই যিকোনো উপায়েৰে বিজেপিয়ে বিৰোধী দলৰ নেতাসকলক বিভিন্ন কৌশলেৰে নিজৰ দলত যোগদান কৰোৱাই নিৰ্বাচন পাৰ কৰাৰ পৰিকল্পনা কৰিছে।’

ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ দলত্যাগৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই বিষয়ে তেওঁ একো কথা নাজানে বুলি মন্তব্য কৰে বিকাশ উপাধ্যায়ে।