জোনাইত দলঙৰ ৰেলিঙত খুন্দা মাৰি দুৰ্ঘটনাত পতিত বাছ, আহত কেইবাজনো

328

মঙলবাৰে ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ দিখাৰী নৈৰ দলঙৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।

জোনাই মহকুমাৰ লক্ষীপুৰৰ দিখাৰী নৈৰ দলঙৰ ওপৰত ৰেলিঙত খুন্দা মাৰি দলঙৰ ওপৰতে বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।

বাছখন অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাচিঘাটৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় কেইবাজনো যাত্ৰী। আহত সকলক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হয়।