ষ্টাফ ৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : সমগ্ৰ বিশ্বৰ এই সংকটকালত সকলোৱে বিভিন্ন সমস্যাৰ সম্মুখিন হৈছে আৰু শিক্ষাৰ দিশতো ইয়াৰ যথেষ্ট প্ৰভাব পৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সোমবাৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আইনৰ ছাত্ৰ ছাত্ৰী সকলৰ অনাগত পৰীক্ষাৰ মাচুল আৰু নামভৰ্তিৰ মাচুল ৰাহিৰ বাবে এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰা হয় আৰু উক্ত পদক্ষেপটো সমুহ আইন ছাত্ৰ ছাত্ৰীৰ হৈ লয় প্ৰশান্ত আগৰবালে, জে. বি. আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে আৰু এই অনুৰোধক সঁহাৰি জনোৱাৰ বাবে তেওঁ শিক্ষামন্ত্ৰীজনলৈ ধন্যবাদ জনায়।
