বৃত্তিগত শিক্ষা প্ৰতিস্থান জেজী উদ্যোগত প্ৰথমবাৰৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ অনলাইন পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। জেজীৰ অধ্যক্ষ দিগন্ত শৰ্মাৰ উদ্যোগত আৰম্ভ কৰা হৈছে “কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ” ৰ ১৫ দিনীয়া অনলাইন পাঠ্যক্ৰম। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তথা কম্পিউটাৰৰ প্ৰাথমিক ব্যৱহাৰিক দক্ষতা থকা ছাত্ৰ ছাত্ৰীয়ে এই পাঠ্যক্ৰমত যোগদান কৰিব পাৰিব। ১৫ দিনীয়া এই অনলাইন পাঠ্যক্ৰমৰ অন্তত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সংস্থাপন আগবাঢ়োৱাৰ ক্ষেত্ৰত জেজীৰ তৰফৰ পৰা ১০০ শতাংশ উদ্যোগ লোৱা হ’ব। লকডাউনৰ সময়ত সদব্যৱহাৰ কৰি নিজকে সংস্থাপিত কৰিবলৈ এয়া এক সময়োপযোগী প্ৰয়াস বুলি জেজীৰ অধ্যক্ষ দিগন্ত শৰ্মাই এক বিবৃতি যোগে কয়।
