জুৰীয়াৰ ২নং বৰালিমাৰিত ভূমিকেন্দ্ৰিক সংঘাত। সংঘাতত মহিলাসহ ৮ গৰাকী লোক গুৰুতৰভাৱে আহত। ২নং বৰালিমাৰিৰ ইমামুল-দুলাল উদ্দিনৰ পক্ষৰ মাজত সংঘাত। এডোখৰ ভূমি দখল কৰিবলৈ আহিছিল দুলাল উদ্দিনৰ পক্ষই। বিবদমান ভূমিডোখৰ দখল ল’বলৈ অহাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ ভুক্তভোগীৰ।