জুৰীয়াৰ কেন্দুগুৰীত চাঞ্চল্যকৰ ঘটনা। প্ৰথমে নিৰুদ্দেশ হয় পত্নী-সন্তান। নিৰুদ্দিষ্টক বিচাৰি গৈ সম্প্ৰতি সন্ধানহীন স্বামীও। ২৪ নৱেম্বৰৰ নিশা নিৰুদ্দেশ হৈছিল শ্বাকিৰ আহমেদৰ পত্নী জাহানাৰা বেগম। দুই সন্তানসহ নিৰুদ্দেশ হয় জাহানাৰা বেগম। দুই সন্তান, পত্নীক বিচাৰি গৈ সন্ধানহীন স্বামী শ্বাকিৰ আহমেদো। শ্বাকিৰক শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰো অভিযোগ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত শ্বাকিৰৰ পৰিয়ালে জুৰীয়া থানাত দাখিল কৰিছে এজাহাৰ।
