জি এম চিৰ টেংকাৰৰে পানী যোগান ধৰিলে ৰাইজক

67

ষ্টাফৰিপৰ্টাৰ, ১৯ জুন : গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ পৰা গুৱাহাটী পৌৰনিগমে টেংকাৰৰে ৰাইজৰ মাজত পানী যোগান ধৰা হয় ৷ মহানগৰীৰ শিলপুখুৰী- চানমাৰি কলনি, পেঞ্চনপাৰা, মিলনপুৰ, কৃষনগৰৰ লগতে কেইবাটাও অঞ্চলত ১৮- ১৯ জুনত পৌৰনিগমে টেংকাৰৰে ৰাইজৰ মাজত পানী যোগান ধৰে ৷ উল্লেখ্য চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰীৰ উজানবজাৰস্থিত সাত পুখুৰী পানী শোধন কেন্দ্ৰৰ এটি পাম্প বিকল হয় ৷ ইয়াৰ বাবে ৰাইজক পানী যোগান ধৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল গুৱাহাটী পৌৰ নিগম কৰ্তীপক্ষই। তাৰ মাজতো বিকল্প প্ৰকাৰে সময়ে সময়ে ৰাইজৰ মাজত পাইপৰে পানীযোগান ধৰি আহিছে ৷ এই ক্ষেত্ৰত একাংশ ৰাইজে নিয়মীত ভাবে পানী নোপোৱাৰ অভিযোগ দিয়ে মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওচৰত ৷গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাইজৰ অভিযোগ গুৰুত্ব সহকাৰে লৈ আয়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু অধিক্ষক অভিযন্তা মনোৰঞ্জন ভৰালীৰ লগত আলোচনা কৰে ৷ যেতিয়ালৈকে পানীৰ পাম্পটো মেৰামতি সম্পূৰ্ণ নহয় ’ সেই সময়ত ৰাইজৰ সুবিধাৰ বাবে মন্ৰী গৰাকীয়ে স্থানীয় ৰাইজক গাড়ীৰে হলেও পানী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে পৌৰনিগমক। মন্ৰী গৰাকীৰ নিৰ্দেশ পাই বৃহস্পতিবাৰৰ পৰা বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ মাজত গাড়ীৰে পানী যোগান ধৰাৰ কথা জানিবলৈ দিয়ে অধিক্ষক অভিযন্তা মনোৰঞ্জন ভৰালীয়ে ৷তেওঁ লগতে কয় সাতপুখুৰী পানী কলৰ চাৰিটা পাম্পৰ এটি পাম্প বিকল হয় ৷ সেইবাবেই কিছু পানী যোগানত অসুবিধা হৈছে ৷ তথাপি এদিনৰ মুৰে মুৰে হলেও অঞ্চলবাসী ৰাইজক পানী যোগান ধৰা হৈছে ৷তাৰ মাজত কিছুসংখ্যক ৰাইজে হয়তো প্ৰয়োজনীয় ভাবে পানী পোৱা নাই ৷ সেই বাবাই মন্ৰী গৰাকীৰ নিৰ্দেশ পাই পৌৰনিগমৰ ফালৰ পৰা তাৎক্ষণিক ভাবে গাড়ীৰে হলেও পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে ৷