জাৰ্মানীৰ প্ৰতিপক্ষক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ, দেশজুৰি আনন্দৰ বন্যা

141

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত প্ৰতিপক্ষক প্ৰতিহত কৰি পদক লাভৰ দিশে সগৌৰৱে আগবাঢ়িছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত জামাৰ্নীৰ নাদিন এপেজক পৰাভূত কৰি লাভলীনা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে অসম তথা দেশজুৰি বিয়পিছে আনন্দৰ বন্যা।

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত খেলখনত ৬৯ কেজি ৱেল্টাৰ ৱেট শাখাত লাভলীনাই জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব লাভলীনাই। এই খেলখনত লাভলীনাই বিৰোধীক প্ৰতিহত কৰিব পাৰিলেই পদক লাভ কৰাটো নিশ্চিত হৈ পৰিব।

ইফালে লাভলীনা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে তেওঁৰ অসংখ্য গুণমুগ্ধই। অসমৰ মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰীকে ধৰি অনেক জনে ছ’চিয়েল মিডিয়াযোগে লাভলীনাক অভিনন্দন জ্ঞাপন কৰিছে। ইফালে লাভলীনাৰ সমৰ্থনত বৰপথাৰবাসীয়ে ফটকা ফুটাই অভিনন্দন জ্ঞাপন কৰা দেখা পোৱা যায়।