জালুকবাৰীত হেৰোইনসহ গ্ৰেপ্তাৰ এজন

78

গুৱাহাটীঃ সোমবাৰে নিশা মহানগৰীৰ জালুকবাৰী অঞ্চলত এখন বাহনৰ পৰা চাবোনৰ কেছত চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা ১২.৩৮ গ্ৰাম ওজনৰ হেৰোইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। 

পশ্চিম গুৱাহাটী আৰক্ষী বিভাগৰ (ডব্লিউজিপিডি) এটা বিশেষ দলে এই অভিযান চলাই হেৰোইন খিনি জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ৰাজামুদ আলী নামৰ এজন ২৬ বছৰীয়া সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

আনহাতে হেৰোইনৰ উপৰিও আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা কেইটামান খালী ভাইল, এটা মোবাইল ফোন আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছেম

উল্লেখ্য যে, কাৰ্বি আংলং আৰক্ষীয়েও সোমবাৰে এক অভিযান চলাই খটখটিৰ পৰা ১ কিলোগ্ৰামতকৈও অধিক হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।