জামুগুৰিহাটত ধৰ্মীয় গোড়ামিৰ বলি শিক্ষক দম্পতী। টেট শিক্ষক পলাশ শৰ্মাৰ পৰিয়ালক ঘৰ এৰি যাবলৈ নিৰ্দেশ। গাঁও এৰি যাবলৈ নিৰ্দেশ ছিলাবন্ধা ব্ৰাক্ষ্মণ সমাজৰ। দূৰ সম্পৰ্কীয় ছোৱালী বিৱাহেই কাল হ’ল পৰিয়ালটোৰ বাবে। বিগত ৫ বছৰে এঘৰীয়া কৰিও ৰাখিছিল পৰিয়ালটোক। এতিয়া অশীতিপৰ বৃদ্ধা মাতৃক অকলে এৰি গাঁও এৰাৰ সিদ্ধান্ত পলাশ শৰ্মাৰ। ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৌদ্ধিক মহলত।