জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুস্থিত অনলাইন চিত্রাংকন প্ৰতিযোগিতাৰ ফলাফল

82

জাৰ্নেলিষ্ট এছ’ছিয়েছন ফৰ আছাম (জাফা) ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰা অনলাইন চিত্রাংকন প্ৰতিযোগিতাৰ ফলাফলসমূহ মঙলবাৰে ঘোষণা কৰা হৈছে। প্ৰাক্ -প্ৰাথমিকৰ পৰা দশম শ্ৰেণীৰ ছাত্র ছাত্রীসকলৰ মাজত তিনিটা শাখাত অনুষ্ঠিত কৰা হৈছিল এই প্ৰতিযোগিতাখন। “ক”-শাখাৰ প্ৰতিযোগিতাত প্ৰাক্ প্ৰাথমিকৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্রছাত্রীয়ে নিজৰ ইচ্ছা অনুযায়ী যিকোনো বিষয়বস্তুৰ ওপৰত ছবি অংকন কৰিব দিয়া হৈছিল। “খ”-শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ চিত্রাংকনৰ বিষয় আছিল “অসমৰ প্ৰাকৃতিক দুৰ্য্যোগ” আৰু “গ”-শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্রছাত্রীসকলৰ চিত্রাংকনৰ বিষয় আছিল “কভিড-১৯”। চিত্রাংকন প্ৰতিযোগিতাৰ ফলাফলসমূহ হ’ল ক্ৰমে “ক”-শাখাত প্ৰথম স্থান- নিবিড় জোনাক হাজৰিকা(শংকৰদেৱ বিদ্যা নিকেতন) ,দ্বিতীয় ভায়োলিনা কাশ্যপ(শংকৰদেৱ বিদ্যা নিকেতন), তৃতীয় বাস্তৱ দাস(অসম জাতীয় বিদ্যালয়) আৰু কাব্যলীনা শইকীয়া(বাচপান্না- প্লে স্কুল)। “খ” -শাখাত প্ৰথম মাধুৰ্য্য কলিতা(গুৱাহাটী পাব্লিক স্কুল) , দ্বিতীয় নাহা কান্তি বড়ো (ব্ৰাডচ ইংলিচ স্কুল) আৰু তৃতীয় ৰূপাৰ্থ কুমাৰ গোস্বামী(জনতা হাইস্কুল), বিবেক দাস(নালন্দা পাব্লিক স্কুল),সাগৰিকা শৰণীয়া(গুৱাহাটী পাব্লিক স্কুল)। “গ”-শাখাত প্ৰথম তনুজ সামাদ্দাৰ(এছ ই আৰ এছ পাব্লিক স্কুল)। দ্বিতীয় অমিত ডেকা(শংকৰদেৱ শিশু নিকেতন)আৰু তৃতীয় গীতাশ্ৰী গগৈ (বাতিপৰীয়া গোলাঘাট জাতীয় বিদ্যালয়) ,দীপম পাটোৱাৰী(জুনিয়ৰ কমন ৱেলঠ হাইস্কুল ),ৰীয়া দত্ত(হলি চাইল্ড স্কুল।
নিচুকণি বঁটাপ্ৰাপ্ত হ’ল- মেহেক তাচমি (মানস ভেলী একাডেমি), চাৰ্জিল, ইবানট ইয়ানা খান,বাস্তৱ মধুকলা।এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক দিছপুৰ প্ৰেছ ক্লাবত শীঘ্ৰে এক অনুষ্ঠানৰ আয়োজন কৰি মান-পত্রৰে পুৰস্কৃত কৰা হ’ব বুলি জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্রীয়ে জানিবলৈ দিছে।পূৰস্কাৰ তথা বটাঁ প্ৰদানৰ তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ’ব । লগতে বিজয়ী সকলোক ফোনযোগে অবগত কৰোৱা হ’ব ।