জাগুনৰ ন মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন চুইফট গাড়ীয়ে খুন্দা মাৰিলে বিজুলী খুঁটাত, কথমপি প্ৰাণ ৰক্ষা এজনৰ।
মঙ্গলবাৰে পুৱতি নিশা জাগুনৰ ন মাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।as23r0848 নম্বৰৰ swift গাড়ীখন নিশা প্ৰায় 2 বজাত জাগুনৰ পৰা গৃহ অভিমুখে আহি থাকোঁতে পথৰ কাষত থকা ট্ৰেনফাৰ্মাৰত খুন্দা মাৰে।
ফলত গাড়ীখনে বিধৱস্ত ৰূপ লয় আৰু ট্ৰেন্সফাৰ্মাৰৰ খুটা ভাঙি পৰাৰ লগতে তাঁৰ সমূহো ছিঙি পৰে। গাড়ীখনৰ গৰাকী তথা লাকলাৰ চংকাম য়ংকুক(26) গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়।স্থানীয় ৰাইজ আৰু জাগুন আৰক্ষীৰ সহযোগত তেওঁক নিশাই ডিব্ৰুগড় শংকৰদেৱ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
