জাগুনৰ টিৰাপ নৈৰ ৱাৰা ঘাটত অঘটন। ৱাৰা ঘাটত সমনীয়াৰ স’তে মনোৰঞ্জন কৰিবলৈ গৈ দুজন যুৱকৰ নৈৰ বুকুত সলিল সমাধি । যুৱক দ্বয় ক্ৰমে আবিৰ সেনগুপ্ত আৰু গৌৰৱ ৰয়। ইতিমধ্যে ৱাৰা স্থানীয় কিছু যুৱকৰ সহায়ত আবিৰ সেনগুপ্ত আৰু গৌৰবৰ মৃতদেহ নৈৰ গভীৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলিত জাগুন আৰক্ষীৰ দল উপস্থিত হৈ সমস্ত ঘটনাৰাজিৰ বুজ লয় আৰু দুয়োৰে মৃত দেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে আজি মাৰ্ঘেৰিটাৰ বৰগোলাই আৰু লিডুৰ ছজন যুৱক একত্ৰিত হৈ জাগুনৰ টিৰাপ নৈৰ ৱাৰা ঘাটত ফুৰিচকি কিছু মনোৰঞ্জন কৰিবলৈ আহিছিল যদিও দুৰ্ভাগ্য ক্ৰমে তেওঁলোকৰ মাজৰ দুই সতীৰ্থ ক্ৰমে আবিৰ আৰু গৌৰৱ পানী খেলিবলৈ বুলি নৈখনৰ পানীৰ মাজলৈ নামি যায় আৰু কালক্ৰমত দুয়ো সতীৰ্থ। কিবা এটা বুজি পোৱাৰ পূৰ্বে হঠাৎ পানীৰ গভীৰ অংশত ডুব গৈ সন্ধাহীন হয় পৰে। চকুৰ পলকতে এনে এক হৃদয় বিদাৰক ঘটনা প্ৰত্যক্ষ কৰি আন লগৰ কেইজনে হৈ চৈ কৰাত ওচৰৰে কিছু স্থানীয় যুৱক ঘটনাৰ বুজ লৈ পানীৰ গভীৰতাত ডুব যোৱা দুই যুৱকক উদ্ধাৰৰ বাবে পানীত জাপ দিয়ে আৰু পৰবৰ্তী সময়ত দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত আবিৰ সেনগুপ্তৰ ঘৰ লিডু ৰদ গাঁৱৰ আৰু গৌৰবৰ ঘৰ বৰগোলাইত বুলি জানিব পৰা গৈছে।

