জাগীৰোড থানাত পুনৰ এজাহাৰ দাখিল সাংবাদিক তুলসী মান্তাৰ

76

ৰাজ্যজুৰি চৰ্চিত অভিনেত্ৰী আইমী বৰুৱাৰ ভাষণ কাণ্ডই নতুন মোৰ লৈছে৷ শেহতীয়াকৈ দুই সাংবাদিকৰ মাজত ফাট মেলা দেখা গৈছে৷ এই ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰা দুয়োগৰাকী সাংবাদিকক অভিনেত্ৰী আইমী বৰুৱাৰ স্বামী তথা বিজেপি নেতা-মন্ত্ৰী পীয়ুষ হাজৰিকাই ঠেং ভাঙি পেলোৱাৰ ধমকি দিছিল৷ ঘৰৰ পৰা চোচাৰাই আনি চাই লোৱাৰ ধমকি দিছিল৷ কিন্তু যিটো ভিডিঅ’ক লৈ ‘কা’ নামানিলে দেশৰ পৰা উলিয়াই দিব বুলি কোৱা হৈছিল সেইটো ভিডিঅ’ একাংশ লোকে সম্পাদিত বুলি দাবী কৰি আহিছে৷

জাগীৰোড সমষ্টিত স্বামী পীয়ুষ হাজৰিকাৰ হৈ বঙালী সম্প্ৰদায়ৰ ভোটাৰৰ মাজত নিৰ্বাচনী চলাই মন্ত্ৰী পত্নী আইমী বৰুৱাৰ বিতৰ্কিত মন্তব্যই তোলপাৰ লগাইছিল৷ সংবাদ মাধ্যমে ভিডিঅ’টো বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত বাতৰিটো প্ৰকাশ কৰা সংবাদ প্ৰতিষ্ঠান দুটাৰ সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাক ফোনযোগে ধমকি দিছিল মন্ত্ৰী তথা আইমী বৰুৱাৰ স্বামী পীয়ুষ হাজৰিকাই। এগৰাকী সাংবাদিক নজৰুল ইছলামক মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই নিৰাপত্তাৰ প্ৰদান কৰিছিল।

মৃত্যুৰ ধমকি দিয়াত দুই সাংবাদিকে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু আজি হঠাতে সকলো দৃশ্যই সলনি হৈ পৰে৷ সাংবাদিকক ধমকি দিয়াৰ ঘটনাৰ তদন্ত চলি থকাৰ মাজতে আজি এজন সাংবাদিকে আন এজন সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত ঘটনাৰ ৰং সলনি হৈ পৰে৷ সোমবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ধমকি দিয়ে সাংবাদিকৰ তুলসী মান্তাই নজৰুল ইছলামৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তুলসী মান্তাই সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ যোগে অভিযোগ দাখিল কৰি কয় যে নজৰুল ইছলামক তেওঁ অসম্পাদিত ভিডিঅ’ হোৱাটছএপ যোগে প্ৰেৰণ কৰিছিল৷

কিন্তু ভিডিঅ’টো বিকৃত কৰি বাতৰি পৰিৱেশন কৰিছিল নজৰুল ইছলামে। নজৰুল ইছলামলৈ প্ৰেৰণ কৰা ভিডিঅ’টোৱে বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷ ভিডিঅ’টোত আইমী বৰুৱাই উচ্চাৰণ কৰা ‘বাঙালী’ শব্দটো আছিল যদিও সম্পাদনা কৰি ‘বাঙালী’ শব্দ আঁতৰাই পৰিবেশন কৰাৰ অভিযোগ মান্তাই। মান্তাই জাগীৰোড আৰক্ষী থানাত সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে আইমী বৰুৱাই কোৱাৰ দৰে ‘কা’ নামানিলে বিদেশীলৈ যাব লাগিব বুলি কোৱো মন্তব্য আৰু সাংবাদিকক ধমকি দিয়া ঘটনাৰ ৰং সলনি হৈ পৰিল৷