এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে কৰুণ মৃত্যু ঘটিল দুগৰাকীকৈ বেংক বিষয়াৰ। পথৰ দাঁতিৰ এডাল বৃহৎ গছ গাড়ীৰ ওপৰত বাগৰি পৰাত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় বেংক বিষয়া দুগৰাকীয়ে।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ জাগীৰোডৰ দেওশাল মন্দিৰৰ সমীপত। শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, নগাঁৱৰ খুটিকটীয়া ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক শ্ৰীকৃষ্ণ ঠাকুৰ আৰু ষ্টেট বেংকৰ বিষয়া দীপ পালে নিশা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। শ্ৰীকৃষ্ণ ঠাকুৰে চলাই যোৱা বাহনখনত হঠাৎ দেওশাল মন্দিৰৰ সমীপত পথৰ দাঁতিৰ এডাল প্ৰকাণ্ড গছ তেওঁলোকৰ বাহনখনৰ ওপৰত বাগৰি পৰে।
এই দুৰ্ঘটনাত দুয়োগৰাকী বেংক বিষয়াই কৰুণ মৃত্যুক সাৱটি লয়। ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
