জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ বিম্বৰ গলীত অবৈধ অনুপ্ৰৱেশৰ চেষ্টা চলোৱা এজন পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ গুলীত নিহত হয়। নিহত সন্ত্ৰসবাদীজনৰ পৰা সেনাই অস্ত্ৰ আৰু অন্যান্য নথি আৰু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অনুপ্ৰৱেশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সেনাই অঞ্চলটোত এটা তালাচী অভিযান আৰম্ভ কৰিছে। ইয়াৰ উপৰিও, সীমান্তত নিৰাপত্তা গ্ৰিড বৃদ্ধি কৰা হৈছে। সন্ত্ৰাসবাদীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সেনাই গুলপুৰ চেক্টৰৰ চাকান দা বাগ অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ পাকিস্তান অধিকৃত অঞ্চলৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা এজন কিশোৰক আটক কৰে। কিশোৰজন সীমান্তৰ সিপাৰে থকা ৰাওলাকোট জিলাৰ পৰা অহা বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাই।
বাতৰি অনুসৰি, গুলপুৰ চেক্টৰত নিয়োজিত সেনা জোৱানসকলে ফৰৱাৰ্ড আউটপ’ষ্ট ছবিলিৰ ওচৰত সন্দেহজনক অৱস্থাত ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰা এজন লৰা প্ৰত্যক্ষ কৰে। লগে লগে কিশোৰজনক আটক কৰি গুলপুৰৰ মুখ্য কাৰ্যালয়লৈ অনা হয়। উল্লেখ্য যে, এই বছৰ এতিয়ালৈকে জিলাখনৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ এইটো পঞ্চম ঘটনা।
আনহাতে ইয়াৰ পূৰ্বে সংঘটিত আন চাৰিটা ঘটনাৰ ভিতৰত, তিনিজন পাকিস্তানী নাবালকক চাকন দা বাগ হৈ ঘৰলৈ ঘূৰাই পঠিওৱা হয়। অৱশ্যে, অনুপ্ৰৱেশকাৰীসকলক সোধা-পোছাৰ সময়ত ইচ্ছাকৃতভাৱে প্ৰেৰণ কৰাৰ কথা প্ৰকাশ হোৱাৰ ফলত তাৰ পিছত আগবাঢ়ি অহা দুটা গোচৰত গোচৰ ৰুজু কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ চলি আছে।
