জম্মু-কাশ্মীৰৰ ৩টা চেক্টৰত একে সময়তে যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাৰ গুলিবৰ্ষণ

61

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পুন্স জিলা ভাৰত-পাক সীমান্তত পুনৰ পাকিস্তানী সেনাৰ যুদ্ধবিৰতী উলংঘন। আজি সন্ধিয়া ৬ বজাত জিলাখনৰ তিনিটা চেক্টৰত ভাৰতলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰে পাক সেনাই।

পুন্স জিলাৰ শ্বাহপুৰ, কিৰণী আৰু কুশবা চেক্টৰত পাক সেনাই গুলিবৰ্ষণ কৰাত সীমান্তৱৰ্তী অঞ্চলত আতংকময় পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে পাক সেনাক ভাৰতীয় সেনাইও উচিত প্ৰত্যুত্তৰ দিয়ে।