জম্মু-কাশ্মীৰৰ বাৰমুলাত পাক সেনাৰ গুলিবৰ্ষণত শ্বহীদ বি এছ এফ জোৱান

47

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পৃথক পৃথক স্থানত পাকিস্তানী সেনাই সংঘটিত কৰা গুলিবৰ্ষণত ৪ গৰাকী ভাৰতীয় জোৱান শ্বহীদ হয়। বাৰমুলা জিলাৰ এল অ’ চিত যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাই কৰা গুলিবৰ্ষণত সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান বৃহস্পতিবাৰে শ্বহীদ হয়।

জানিব পৰা মতে, ৰাকেশ ডোভাল নামৰ বি এছ এফ জোৱান গৰাকীৰ মূৰত গুলী লগাৰ ফলত মৃত্যু ঘটে। ইফালে উৰি চেকটৰত পাক সেনাই চলোৱা গুলি বৰ্ষণত শ্বহীদ হয় দুগৰাকী ভাৰতীয় জোৱান। গুৰেজ চেক্তৰটো শ্বহীদ হয় এগৰাকী জোৱান।

ইফালে, এল অ’ চিত বৰ্তমানেও পাক সেনাই গুলিবৰ্ষণ চলাই আছে আৰু ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম দিছে।