সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এক অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে হোৱা ভয়ংকৰ গুলীচালনাত এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) সহ পাঁচজন সেনা জোৱানে প্ৰাণ হেৰুৱায়।
নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য পোৱাৰ পিছত পুৱতি নিশা চুৰানকোটৰ ডেৰা কি গলি (ডিকেজি)ৰ ওচৰৰ এখন গাঁৱত এই অভিযান আৰম্ভ কৰা হৈছিল।
এজন প্ৰতিৰক্ষা মুখপাত্ৰই জানিবলৈ দিয়া মতে সমাত্ৰাসবাদীৰ দলটোৱে অভিযানকাৰী আৰক্ষী-সেনাৰ ওপৰত প্ৰচণ্ড গুলীচালনা কৰে, যাৰ ফলত জেচিঅ’ আৰু আন চাৰিজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত সেনা জোৱান কেইগৰাকীক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানো অভিযান অব্যাহত আছে।
