জম্মু-কাশ্মীৰত যোৱা ৭ মাহত সন্ত্ৰাসবাদী হ’ল ৯০ জনকৈ স্থানীয় যুৱক-যুৱতী…

76

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ দিনক দিনে বৃদ্ধি পোৱাৰ উপৰিও বিগত কিছু মাহৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলদুটাৰ বহু যুৱক-যুৱতীয়ে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনত যোগ দিছে। গৃহমন্ত্ৰণালয়ৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই তথ্য সদৰি কৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বাবে যথেষ্ট উদ্বেগজনক বুলিও মন্তব্য কৰে।

গৃহ মন্ত্ৰণালয়ৰ তথ্যানুসৰি চলিত বৰ্ষৰ প্ৰথম ৭ মাহত জন্মু-কাশ্মীৰ আৰু লাদাখত ৯০ জন স্থানীয় যুৱক-যুৱতীয়ে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনত যোগ দি হাতত অস্ত্ৰ তুলি লৈছে। ইয়াৰে ভিতৰত ৪৫ জনে হিজবুল মুজাহিদীনত, ২০ জনে লস্কৰ-এ-তৈবাত, ১৪ জনে জৈছ-এ-মহম্মদত, ৭ জনে অল কায়দাত, ২জনে আনছাৰ গজবত উল হিন্দ আৰু এজনে আইএছজেকেত যোগদান কৰিছে। এই আটাইকেইটা সন্ত্ৰাসবাদী সংগঠনকে ইছলামিক ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদ বিয়পোৱাত সহায় কৰি আহিছে।

গৃহ মন্ত্ৰণালয়ৰ তথ্যত এয়াও স্পষ্ট হৈছে যে, কেন্দ্ৰীয় শাসিত অঞ্চলদুটাত নিৰাপত্তাৰক্ষী, আৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীবোৰৰ ৯০ শতাংশৰো অধিক সন্ত্ৰাসবাদীয়েই স্থানীয়। জানিব পৰা মতে, এই বৰ্ষত জন্মু-কাশ্মীৰত নিহত ১৩৬ জন সন্ত্ৰাসবাদীৰ ১২১ জনেই স্থানীয়, মাত্ৰ ১৫ জনহে বিদেশী সন্ত্ৰাসবাদী। তথ্য অনুসৰি, ২০১৯ চনত নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত হোৱা ১৫২ জন সন্ত্ৰাসবাদীৰ ভিতৰত ১১৯ জনেই স্থানীয় কাশ্মীৰী আছিল।