দেওবাৰে জন্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সেনা বাহিনীয়ে চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত ১২জনকৈ সন্ত্ৰাসবাদী নিহত হয়। ভাৰতীয় সেনা বাহিনীয়ে ছোপিয়ানৰ লগতে আল বাৰ্ডা আৰু বীজবেহেৰাৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত ছোপিয়ানত ৭ জন, আল বাৰ্ডাৰত ৩ জন আৰু বীজবেহেৰাৰাত ২জন সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ সক্ষম হয় সেনা বাহিনীয়ে।