বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰত সংঘটিত হয় এক হেলিকপ্টাৰ দুৰ্ঘটনা। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ এ এল এইচ ধ্ৰুৱ হেলিকপ্টাৰ।
বিষয়াসকলে জনোৱা মতে, হিল জিলাৰ মাৰৱা অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত পাইলট আৰু সহ-পাইলট আহত হয়। এজন সামান্য আঘাতপ্ৰাপ্ত হয়।
সেনা বিষয়াই জনোৱা মতে তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। পূৰ্বে বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰখনত তিনিজন লোক আছিল।
“পুৱা ১১:১৫ বজাত এখন অপাৰেচনেল মিছনৰ অংশ হিচাপে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ অঞ্চলৰ মৰুৱা নদীৰ পাৰত আৰ্মি এভিয়েশ্যনৰ এ এল এইচ ধ্ৰুৱ হেলিকপ্টাৰ সতৰ্কতাৰে অৱতৰণ কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।” ভাৰতীয় সেনাই এইদৰে কয়।
বিষয়াসকলে জনোৱা মতে, তেওঁলোকে তাৎক্ষণিক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। সেই স্থানত উপস্থিত হৈ সেনাৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
‘হেলিকপ্টাৰখনত দুজন পাইলট আৰু এজন টেকনিচিয়ান আছিল। আহত তিনিজন জোৱানক উধমপুৰ কমাণ্ড হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আমি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছো। অধিক সবিশেষৰ বাবে অপেক্ষা কৰি আছে।’- ভাৰতীয় সেনাৰ বিষয়াসকলে এইদৰে কয়।
