জনপ্ৰিয় অভিনেত্ৰী আশালতাৰ কোভিড আক্ৰান্ত হৈ মৃত্যু

61

ডিজিটেল ডেস্কঃ কোভিড-১৯ত আক্ৰান্ত হৈ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে মাৰাঠী অভিনেত্ৰী আশালতা ৱাবগাঁৱনকাৰ। মাৰাঠী টিভি চিৰিয়েল আৰু ছুটি ছবিৰ এগৰাকী যশস্বী অভিনেত্ৰী আশালতা বিগত সপ্তাহতে কোভিডত আক্ৰান্ত হৈ মুম্বাইৰ চাতাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছিল।

৭৯ বছৰীয়া অভিনেত্ৰীগৰাকী এখন ধাৰাবাহিকৰ দৃশ্য গ্ৰহণ কৰি থকা সময়তে কোভিড-১৯ত আক্ৰান্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে। অভিনেত্ৰীগৰাকীৰ বিয়োগত শোক ব্যক্ত কৰিছে দেশৰ বিশিষ্ট ব্যক্তিসকলে।