ছয়গাওঁ সমষ্টিত গজালি মেলিলে আম আদমী পাৰ্টীয়ে

163

ছয়গাওঁ সমষ্টিত গজালি মেলিলে আম আদমী পাৰ্টীয়ে ৷ পখা মেলিয়ে লাগি গল উন্নয়নৰ কামত ৷ ৰাইজে মিলি এটা জৰাজিৰ্ন পথ মেৰামতিত লাগিল আম আদমী পাৰ্টীৰ কৰ্মী ৷ এটা পথৰ লৈ যমৰ যাতনা ভুগি আহিছে ছয়গাঁও সমষ্টিৰ ৰাইজে ৷ হয় এই দৃশ্য হৈছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বামুণীগাওৰ ঔফুলা কৰেবাৰি সংযোগী পথৰ ৷ জৰাজীৰ্ণ পথৰ যাতায়তৰ দুৰৱস্থাক লৈ আম আদমী পাৰ্টি আৰু বামুণীগাও শান্তিপুৰ ই ৰিস্কা সন্থাই এনেদৰে পথটো কৰিলে মেৰামতি । হাতত কোৰ লৈ খালত মাটি চৰকাৰ অথবা কোনো জনপ্ৰতিনিধিলৈ বাত নাচাই আম আদমী পাৰ্টি আৰু বামুণীগাও শান্তিপুৰ ই ৰিক্সা সন্থাই নিজৰ গাঁঠিৰ ধনেৰে পথটো মেৰামতি কৰে ৷ কদৰ্যময় পথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাত নচলে বাইক নচলে ই ৰিক্সা নচলে এম্বুলেঞ্চ ৰোগী নিবলৈ এম্বুলেঞ্চ আহিলেও ফাচি ৰৈ আধা বাটতে।ইমানৰ পিছতো কোনো কানসাৰ নাই জনপ্ৰতিনিধি নাইবা বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই কদৰ্যময় পথটো অতি সোনকালে মেৰামতি কৰাৰ বাৰে স্থানীয় বিধায়ক ৰেকুবুদ্দিন আহমেদ ডাঙৰীয়াক ৰাইজে দাবি জনাই।