ছেনিটাইজাৰ, এন-৯৫ মাস্ক নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰাৰ আহ্বান চি ডি এ এৰ

64

ষ্টাফৰিপৰ্টাৰ, ১১ জুন :: কৰ’না ভাইৰাছৰ আতংকময় পৰিবেশৰ মাজত ছেনিটাইজাৰ, এন-৯৫ মাস্কৰ বজাৰত গঢ়ি উঠা ক’লা বেপাৰ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অৱ আছাম ( চমুকৈ চি ডি এ এ)। এক বিবৃতিত সংস্থাটোৰ সভাপতি এন এল আগৰৱালা, সম্পাদক জিতু বৰ্মণে সকলোকে ছেনিটাইজাৰ আৰু এন-৯৫ মাস্ক নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰিবলৈ আহ্বান জনায়। গ্ৰাহক জনক যদি উপযুক্ত আদায় নিদিয়ে তেন্তে ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগনামা দাখিল কৰিব পাৰিব। আনহাতে ছেনিটাইজাৰ মাস্কৰ ক্ষেত্ৰত যদি ক’লা বেপাৰ হয় আৰু উক্ত কাৰ্যৰ সৈতে জড়িত থকাৰ প্ৰমাণ হয় তেন্তে চি ডি এ এই আইনগত ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখ ছেনিটাইজাৰ ব্ৰেণ্ড, হেণ্ড ছেনিটাইজাৰ-চি, হেণ্ডবাৰৰ জি আৰ ডি ঘনশ্যাম ধানুকাই উল্লেখ কৰা অনুসৰি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতে হেণ্ড- ছেনিটাইজাৰ বিক্ৰী কৰা হৈছে। তেওঁ কয় ” কোনো ডিলাৰ অথবা খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা বিল অবিহনে সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে। স্বাস্থ্যৰ লগত জড়িত সামগ্ৰীসমূহ ক্ৰয় কৰাত অথবা কৰ পৰিশোধ কৰা সামগ্ৰী ক্ৰয় কৰোঁতে বিল লোৱাটো বিল লোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰে।