ছিপাঝাৰ কাণ্ডত আহত আৰক্ষীসহ ১১ গৰাকী GMCHত চিকিৎসাধীন

81

ছিপাঝাৰৰ গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হোৱা ৩ গৰাকী আৰক্ষীসহ ১১ জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত আৰক্ষী কেইগৰাকী হল অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ। মুনীৰ আহমেদৰ স্বাস্থ্য বৰ্তমানো সংকজনক বুলি জানিব পৰা গৈছে।

আনহাতে সাধাৰণ লোকৰ ভিতৰত ৮ জন লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে এগৰাকী ১৩ বছৰীয়া কিশোৰ। দুগৰাকী বুলেটত আঘাটপ্ৰাপ্ত, এতিয়ালৈ কোনো লোকৰ চিন্তাৰ কাৰণ নাই। আহত ৰেজিয়া খাতুনৰ পেটত বুলেট সোমাইছে যদিও চিন্তাৰ কোনো কাৰণ নাই। অষ্ট্ৰোপচাৰৰ এতিয়াই প্ৰয়োজন নাই বুলি মন্তব্য কৰে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই। ৩জন অৰ্থোপেডিক বিভাগত আৰু ৫ জন চাৰ্জাৰী বিভাগত চিকিৎসাধীন হৈ আছে।