মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই অহা কেইবাজনো লোকক ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই থৈ যায় এখন দ্ৰুতবেগী নিয়ন্ত্ৰনহীন ট্ৰাকে। দুৰ্ঘটনাত নিহতৰ সংখ্যা এতিয়ালৈকে ৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৩ জন লোক।
নিহত সকলক ক্ৰমে- সংগীতা দেৱী, জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ছিপাঝাৰবাসীক আজি শোকবিহ্বল কৰি তুলিছে।
জানিব পৰা মতে, অসম আৰক্ষীৰ বাবে অনুশীলন কৰি আছিল তিনি বন্ধু জিন্টুমণি, ইমদাদুল আৰু ৰেকিবে। তিনিওজন বন্ধুৱেই আছিল এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থী। পুৱা তেওঁলোকে দৌৰিবলৈ ওলাই গৈছিল একেলগে। কিন্তু ঘৰলৈ উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱায় একেলগে তিনি বন্ধুৱে।
