ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড তাইজুদ্দিনৰ এনকাউণ্টাৰত মৃত্যু

168

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত নিহত মহানগৰীৰ ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড।

জানিব পৰা মতে, শনিবাৰে নিশা পল্টনবজাৰ আৰক্ষীয়ে ডকাইতটোক লগত লৈ ছিপাঝাৰত চলাইছিল অভিযান। লুকুৱাই থোৱা ধন উদ্ধাৰৰ বাবে লৈ যোৱাৰ সময়তে তাইজুদ্দিনে আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত লুকুৱাই ৰখা পিষ্টলেৰে ডকাইতটোৱে আৰক্ষীক আক্ৰমনলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে তাইজুদ্দিনৰ।

উল্লেখ্য মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত ১০ লাখ টকাৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল তাইজুদ্দিন।