গুৱাহাটী : দীপৰ বিল , ৰাণী , গড়ভঙা , উমছুৰ , জিমিৰগাঁও মাটাইখাৰ , চানডুবিৰ কাষৰীয়া অঞ্চলকে ধৰি পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ পৰ্যটনথলী সমূহৰ বিকাশৰ বাবে সকলো ধৰণৰ সহযোগীতা আগবঢ়োৱা হব । ইয়াৰ বাবে পৰ্যটনৰ ক্ষেত্ৰখনৰ লগত জড়িত সংস্থা সমুহ আগবাঢ়ি আহিব লাগিব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ।
৭ নৱেম্বৰত আজাৰাৰ পাৰ্শ্ববৰ্তী আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিখ্যাত ছাঁটাৰগাঁওত ৰংমন ট্যুৰিজিম চচাঁইটিৰ উদ্যোগত ‘পশ্চিম গুৱাহাটীত পৰ্যটনৰ বিকাশ ‘ বিষয়ক এখন সভাত ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলৰ পৰা গঁড়ভঙা আৰু ৰাণী বনাঞ্চলকে ধৰি চানডুবিলৈকে অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল সমূহত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। এতিয়া ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত সকলোকে পৰ্যটনৰ উন্নয়নৰ হকে হাতে কামে নামি পৰিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
আনহাতে ৰংমন ট্যুৰিজিম চচাঁইটিৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰমোদ কলিতাই আঁত ধৰা সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , ছাটাৰগাঁওৰ গাওঁবুঢ়া পদ্দুৰাম ৰাভা , নৱজ্যোতি সংঘৰ সভাপতি অজয় ৰাভা , সম্পাদক সঞ্জয় ৰাভাকে ধৰি স্থানীয় কেইবাজনো বিশিষ্ট লোক , বিৰাজ কলিতা , অখিল ৰংপী , কন্দৰ্প বড়ো , প্ৰাণেশ্বৰ ৰাভাকে ধৰি চচাইটিৰ কেইবাজনো কৰ্মকর্তা উপস্থিত থাকে ।
ইয়াৰ উপৰি অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ছাঁটাৰগাঁওৰ পৰ্যটন ক্ষেত্ৰখনৰ বিকাশৰ বাবে কেবাটাও কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰ ভিতৰত ছাঁটাৰগাঁওৰ থিয়পানী জলপ্ৰপাতলৈ সকলো সময়তে যাব পৰা ব্যৱস্থা কৰা , হোম ষ্টে হোমত আধুনিক অনাময়ৰ সা-সুবিধাৰ ব্যৱস্থা কৰা , বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা , সৌৰশক্তি চালিত বিদ্যুৎতৰ ব্যৱস্থা কৰা , ভিতৰৰ বাট পথ সমূহৰ উন্নয়ন সাধন কৰা , পাৰিপাৰ্শ্বিক ভাৰসাম্য আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বন বিভাগৰ সহযোগত পৰ্যটন নিয়ন্ত্ৰণ সমিতি গঠন কৰা আদি ।