ছচিয়েল মিডিয়াত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘মৃত্যু কামনা’ কৰা অনিল বণিয়াক গ্ৰেপ্তাৰ

87

ষ্টাফৰিপৰ্টাৰ, ১৫ জুন : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসুস্থ হৈ পৰাৰ পাছতেই দেওবাৰে ছচিয়েল মিডিয়াত মন্ত্ৰী গৰাকীৰ ‘মৃত্যু কামনা’ কৰা অনিল বণিয়াক নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।অনিল বণিয়াক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিহালী আৰক্ষীয়ে।জানিব পৰা মতে,অনিল বণিয়া বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেওবাৰে অত্যন্ত পেটৰ বিষ হোৱাৰ পাছত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।ইতিমধ্যে,মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্টত মন্ত্ৰীগৰাকীৰ কিডনীত ষ্ট’ন থকা বুলি ধৰা পৰিছে।ইয়াৰ পাছতেই এতিয়া মন্ত্ৰী গৰাকীক বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে।