ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত এক দৃশ্য…

78

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো। ফটোখনত দেখা গৈছে এগৰাকী মহিলাৰ বোকোচাত এগৰাকী বৃদ্ধ। মানুহজন অসুস্থ। সেয়ে তেওঁক মহিলাগৰাকীয়ে বোকোচাত উঠাই হাস্পতাললৈ লৈ গৈছে। ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰা এই ফটোখন হৈছে এগৰাকী নিষ্ঠাবান বোৱাৰী আৰু এগৰাকী অসুস্থ শহুৰৰ।

দৰাচলতে নগাঁও জিলাৰ ৰহা পৌৰসভাৰ তিনি নং ৱাৰ্ডৰ নিৱাসী খৰ্গেশ্বৰ দাসৰ একমাত্ৰ পুত্ৰ কৰ্মসূত্ৰে থাকে বাহিৰত। যোৱা কিছুদিনৰ পৰা খৰ্গেশ্বৰ দাস জ্বৰ-কাহত আক্ৰান্ত হৈ থকাত পুতেকৰ অভাৱ পূৰণ কৰি তেওক হাস্পতাললৈ কোভিড পৰীক্ষাৰ বাবে লৈ যায় বোৱাৰী নীহাৰিকা দাসে।

এটি ৬ বছৰীয়া কণমানিৰ মাতৃ নীহাৰিকা দাসে শহুৰেকৰ শুশ্ৰূষা যেন বোৱাৰীৰ দৰে, জীয়াৰীৰ দৰেহে কৰিলে। হাস্পতালত কোভিড পৰীক্ষাত শহুৰেকৰ সৈতে বোৱাৰী নীহাৰিকাও কোৰোনাত আক্ৰান্ত হয়। তাৰ পিছতে অসুস্থ শহুৰেকক বোকোচাত উঠাই এম্বুলেঞ্চৰ ওচৰলৈ লৈ যায় মহিলাগৰাকীয়ে। তাৰ পিছত দুয়োজনকে উজৰাগাঁওস্থিত কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হয়।