চৰাইদেউৰ মাইবেলাস্থিত লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচনত নিয়োজিত নিৰাপত্তাৰক্ষীৰ কৰ্মবিৰতি ঘোষণা

88

চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচনত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে আজিৰে পৰা সাত দিনীয়া কৰ্মবিৰতি ঘোষণা কৰিছে৷ দৰমহা আদায় আৰু কোম্পানীৰ শোষণৰ বিৰুদ্ধে ১-৭ মাৰ্চ লৈ কৰ্মবিৰতি ঘোষণা কৰে নিৰাপত্তাৰক্ষীয়ে। দৰমহা আৰু পৰ্যাপ্ত ইউনিফৰ্ম প্ৰদান তথা বিভিন্ন দাবীত এই কৰ্মবিৰতী ঘোষণা কৰে৷ ভিএছএছএছ নামৰ কোম্পানীৰ অধীনত কৰ্মৰত প্ৰায় ২০০ নিৰাপত্তাৰক্ষী লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচন নামৰ তাপ বিদ্যুৎ কেন্দ্ৰটোত কৰ্মৰত৷ নানান অসুবিধাৰ সন্মুখিন হৈ নিতৌ নিজ কাৰ্যত ব্ৰতী হৈ আছে৷ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাৰ লগতে কৰ্তব্য সমাপন কৰিবলৈ বস্ত্ৰ যোগান নধৰাৰ অভিযোগ উঠিছে৷ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বাৰে বাৰে আবেদন জনাই আহিছে যদিও সমস্যা সমাধান নকৰাত জাঙুৰ খাই উঠি ১-৭ মাৰ্চ লৈ কৰ্মবিৰতি পালন কৰে৷