চৰাইদেউত ৰথযাত্ৰা সামৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা

166

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰথ যাত্ৰা সামৰি ঘৰলৈ উভতাৰ পথতে শুকুৰবাৰে নিশা এখন ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হোৱাত কমেও ৩০ জন লোক আহত হয়।

জানিব পৰা মতে, সোণাৰি নগৰৰ চেনিগুদামৰ সমীপতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

সোণৰি টিয়ক চাহ বাগিচাত শুকুৰবাৰে জগন্নাথ যাত্ৰাত অংশ লৈ ভক্ত কেইজনে টাওকাক চাহ বাগিচালৈ উভতি অহাৰ সময়তে তেওঁলোকে আহি থকা এএছ ০৪এচি ৯৯৮০ নম্বৰৰ ট্ৰেক্টৰখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। যাৰ ফলত ট্ৰেক্টৰখনত থকা যাত্ৰীকেইজন আহত হয়।

ইফালে আহত যাত্ৰীসকলক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আহত ৯ জনক উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আনহাতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সোণাৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলৰ অৱস্থাৰ বুজ লয়।