মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক ৷ শনিবাৰে পুনৰ বাঢ়িল পেট্ৰ’লৰ মূল্য। শণিবাৰৰপৰা প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ২৬ পইচাকৈ। বৰ্তমানলৈকে ৭.৪৬টকা বৃদ্ধি পাইছে পেট্ৰ’লৰ মূল্য। জানিবলৈ পোৱা অনুসৰি, ৰাজধানী চহৰ দিল্লীত শনিবাৰৰ দিনটোত এক লিটাৰ পেট্ৰ’লৰ দাম ৯১টকা হৈছেগৈ।
উল্লেখ যোগ্য যে, চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীলৈকে ২৬বাৰকৈ বাঢ়িলে পেট্ৰ’লৰ মূল্য। ইয়াৰ সমান্তৰালভাৱে ডিজেলৰো মূল্যবৃদ্ধি অব্যাহত আছে।
