ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে কোৰোনাৰ সংক্ৰমণ। দেছেৰা আৰু দুৰ্গোৎসৱৰ পিছতে যোৱা ২৪ ঘণ্টাত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত ৪,৮৫৩ টা কোৰোনা সংক্ৰমণ ধৰা পৰে। আনহাতে এই সময়ছোৱাত দিল্লীত ৪৪ জন লোকৰো কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটে। বিগত কিছু দিনৰ পৰা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা কোৰোনা সংক্ৰমণ মঙলবাৰৰ দিনটোত পুনৰ বৃদ্ধি হোৱাত চিন্তাত পৰিছে চৰকাৰো।
ইফালে ৰাজ্যখনৰ এনে কোৰোনা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত দিল্লীৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থকাৰ ঘোষণা কৰিছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মণীষ চিছোদিয়াই। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি চিছোদিয়াই কয় যে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল এতিয়াও শংকিত হৈ আছে। যাৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩১ অক্টোবৰ পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব বুলি নিৰ্দেশনা জাৰি কৰিছিল কেজৰিৱাল চৰকাৰে।
আনহাতে চলিত বৰ্ষত দিল্লীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত ১৩৩০ খন আসন বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। ইয়াৰে ৬৩০ খন আসন বি.টেকৰ বাবে, ১২০ খন বিবিএৰ বাবে, বি.কমৰ বাবে ২২০ খন, বিএ (অৰ্থনীতি)ৰ বাবে ১২০ খন, ৯০ খন বিচিএৰ বাবে আৰু এমবিএৰ বাবে ৬০ খন আসন বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী মণীষ চিছোদিয়াই।
