চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ধন দাবী কৰিলে তথ্যসহ খবৰ দিয়ক এই নম্বৰত…

161

নিউজ ডেস্কঃ কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কাম কৰি দিয়াৰ বাবদ ধন বিচাৰিলে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিবলৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে।

দুৰ্নীতিমুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে নাগৰিকক সজাগ হ’বলৈ আহ্বান জনাই মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰ। য’ত নাগৰিকে ধনদাবী কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তথ্য প্ৰকাশ কৰি হাতে-লোটে ধৰা পেলোৱাত সহায় কৰিব পাৰে।

এই কথা শুকুৰবাৰে ঘোষণা কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইন-শৃংখলা জি পি সিঙে। নাগৰিকক উৎকোচৰ গোচৰৰ বিষয়ে হেল্পলাইন নম্বৰ: ০৩৬১-২৪৬২২৯৫ আৰু ১৮০০-৩৪৫৩৭৬৭ত খবৰ দিবলৈ কোৱা হৈছে।

টুইটাৰত সিঙে লিখিছে, “অনুগ্ৰহ কৰি টকা দিয়াৰ আগতে এজন চৰকাৰী কৰ্মচাৰীয়ে কৰা দাবীৰ নিৰ্দিষ্ট তথ্য দিয়ক। ইয়াৰ ফলত আমি ফান্দ পাতি হাতে-লোটে ধৰা পেলাব পাৰিব।’’

শুকুৰবাৰে মৰিগাঁও আৰু ডিব্ৰুগড় জিলাত উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ৰাজ্য চৰকাৰৰ দুগৰাকী বিষয়াক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল।