চৰকাৰী তথ্যত ভয়ংকৰ দুৰ্নীতিঃ ১৪ মাহৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধাই জন্ম দিলে ৮টাকৈ সন্তান

82

ডিজিটেল ডেস্কঃ কন্যা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এক আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিৰ জৰিয়তে কন্যা শিশু জন্ম দিয়া প্ৰতিগৰাকী মাতৃক প্ৰদান কৰা হয় অৰ্থ সাহায্য। কিন্তু এই অৰ্থ সাহাস্য প্ৰদানৰ নামতে এতিয়া বিহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ মুছাহাৰী ব্লকত সংঘটিত এই দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে মুছাহাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন্দ্ৰ চৌধুৰীয়ে। বিষয়াগৰাকীয়ে ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছে।

দৰাচলতে চৰকাৰী ফাইলতে সংঘটিত হোৱা এই দুৰ্নীতিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। কিয়নো চৰকাৰী তথ্য অনুসৰি, মুছাহাৰী ব্লকৰ এগৰাকী ৬৫ বছৰীয়া মহিলাই জন্ম দিছে ৮টাকৈ কন্যা সন্তানৰ। তাকো ১৪ মাহৰ ভিতৰতে। প্ৰতিটো সন্তানৰ জন্মৰ পিছত ১৪,০০ টকাকৈ মহিলাগৰাকীৰ বেংক একাউণ্টযোগে প্ৰদান আৰু সেই ধন হিতাধিকাৰীয়ে উইড্ৰ’ কৰা বুলিও চৰকাৰী তথ্যত উল্লেখ আছে।

একেই ঘটনা সংঘটিত হৈছে শান্তি দেৱীৰ নামতো। চৰকাৰী তথ্য অনুসৰি ৬০ বছৰীয়া শান্তি দেৱীয়ে ৯ মাহৰ ভিতৰত ৫টা সন্তান জন্ম দি হিতাধিকাৰীৰ ধন লাভ কৰিছে। ছোনীয়া দেৱী নামৰ মহিলাগৰাকীয়েও মাত্ৰ ৫ মাহৰ ভিতৰত জন্ম দিছে ৪টাকৈ সন্তান। আচৰিত!

কিন্তু যেতিয়া এই মহিলা কেইগৰাকীক সন্তান জন্ম আৰু হিতাধিকাৰীৰ ধন লাভৰ বিষয়ে প্ৰশ্ন কৰা হয়, স্বাভাৱিকতেই আচৰিত হৈ পৰে মহিলাকেইগৰাকী। দশক পূৰ্বেই মাতৃত্বৰ অন্তিমটো প্ৰসৱ বেদনা উপলব্ধি কৰা এই মহিলা কেইগৰাকীয়ে কোনো ধন লাভ কৰা নাই, অথবা জন্ম দিয়া নাই সন্তানৰো। এনে ক্ষেত্ৰত এয়া যে চৰকাৰী পৃষ্ঠপোষকতাত সংঘটিত ভয়ংকৰ কেলেংকাৰী সেয়া বুজিবলৈ এতিয়া কাৰো বাকী নাই।

হেডলাইনৰ বাহিৰে এই বাতৰিৰ কোনো সালসলনি কৰা হোৱা নাই।