চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্তত প্ৰত্যক্ষ প্ৰমাণৰ প্ৰয়োজন নাইঃ উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়দান…

194

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মতামত দিছে। বৃহস্পতিবাৰে এটা গোচৰত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে কয় যে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ বাবে প্ৰত্যক্ষ প্ৰমাণ পূৰ্বচৰ্ত নহয়। পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত এজন ৰাজহুৱা সেৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰি। অৱগত সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে দুৰ্নীতিৰ তদন্তকাৰী সংস্থা আৰু প্ৰশাসনিক কৰ্তৃপক্ষৰ হাত শক্তিশালী কৰিব। আনহাতে অসাধু চৰকাৰী বিষয়াসকলো সাৱধান হ’ব৷

ন্যায়াধীশ এছ আব্দুল নাজিৰ, ন্যায়াধীশ ভি ৰামাসুব্ৰহ্মণ্যম, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ বি ভি নাগাৰাথ্ন নেতৃত্বাধীন সংবিধান বিচাৰপীঠে ৰায়দানৰ ব্যাখ্যাত নজিৰ উল্লেখ কৰি কয় যে ঘোচৰ দৰে অভিযোগত সদায় ধন বিনিময় বা… কথোপকথনৰ নমুনা। কিন্তু উৎকোচৰ ধনৰ উৎস বিচাৰি উলিয়াবলৈ আৰম্ভ কৰিলে অভিযোগৰ সত্যতা প্ৰমাণ কৰাটো কঠিন নহয়। সদায় নথিপত্ৰৰ প্ৰমাণৰ প্ৰয়োজন নহয়।

সংবিধান বিচাৰপীঠে ৰায় দিয়ে যে ধৰক এজন ৰাজহুৱা সেৱকে উৎকোচ বিচৰা নাছিল। কিন্তু উৎকোচ লোৱাৰ প্ৰস্তাৱত সন্মতি দিলে। গতিকে তেওঁক সৎ বুলি ক’ব পাৰিনে! বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে কোনো চৰকাৰী ব্যক্তিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হ’ব পাৰে পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিতো, যিটো আদালতে মানি ল’ব।

প্ৰসংগক্ৰমে অন্ধ্ৰ প্ৰদেশৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত ব্যৱস্থা গ্ৰহণ সম্পৰ্কীয় গোচৰটো একাধিক আদালতৰ মাজেৰে গৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হয়। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত প্ৰত্যক্ষ আৰু পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ প্ৰশ্নত বিভাজন হৈছিল। কিন্তু পাঁচজনীয়া বিচাৰপীঠে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ স্থিতি বজাই ৰখাৰ স্বাৰ্থত সকলো ক্ষেত্ৰতে প্ৰত্যক্ষ প্ৰমাণৰ প্ৰয়োজন নাই।