চৰকাৰী সৌভাগ্য আঁচনিৰ জৰিয়তে বিজুলি সংযোগ লাভ কৰা ধুবুৰী জিলাৰ গোলকগঞ্জ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত আলোকঝাৰী গাঁৱৰ এতিয়া দৰিদ্ৰ পৰিয়ালে প্ৰায় ৯০ হাজাৰ টকাৰ বিদ্যুৎ বিল লাভ কৰি এতিয়া হাত দিছে মূৰে-কপালে৷ দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া জবেদা বেওৱা নামৰ হিতাধিকাৰীগৰাকীয়ে লাভ কৰিছে ৮৮,৩০১ টকাৰ বিজুলী বিল৷
জবেদা বেওৱাই জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰায় ৭ বছৰ পূৰ্বেই সৌভাগ্য আঁচনিৰ জৰিয়তে বিজুলি সংযোগ লাভ কৰিছিল৷ ঘৰত মাত্ৰ দুটা বিজুলী বাতি জ্বলায় তেওঁলোকে৷ মাহে পৰিয়ালটোৰ সৰ্বাধিক বিজুলী বিল আহে ৮০ টকা৷ যি তেওঁলোকে নিয়মীয়াভাৱে পৰিশোধো কৰি আহিছে৷
কিন্তু যোৱা ডেৰ বছৰে পৰিয়ালটোৱে লাভ কৰা নাছিল কোনো বিজুলী বিল৷ অৱশেষত যি বিল লাভ কৰিলে, তাকে দেখি এতিয়া চিন্তাত পৰিছে জবেদা বেওৱা৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ভুলৰ বাবে প্ৰায় ৯০ হাজাৰ টকাৰ বিল লাভ কৰি সেই বিল কেনেকৈ পৰিশোধ কৰিব সেয়া ভাবি চকুৰ টোপনি হৰিছে পৰিয়ালটোৰ৷
পৰিয়ালটোৰ অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগৰ এনে ভুল বিল প্ৰেৰণ সন্দৰ্ভত তেওঁলোকে বিদ্যুৎ উপ-সংমণ্ডলক অৱগত কৰিছে যদিও বৰ্তমানেও কোনো বিষয়া-কৰ্মচাৰীয়ে বিষটোত গুৰুত্ব প্ৰদান কৰা নাই৷