চৰকাৰলৈ আৱেদন সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ

61

ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : সমগ্র বিশ্বতে ব্যাপক হাৰত ছানি ধৰা কৰ’না মহামাৰীৰ সংক্রমণ প্রতিহত কৰাৰ দিশত দেশজুৰি অব্যাহত থকা লকডাউন আৰু চৰকাৰী নীতি-নির্দেশনাত জনজীৱন সম্পূর্ণৰূপে স্তব্ধ হৈ পৰাৰ লগতে বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত লোকসকল হঠাৎ কর্মহীন হৈ পৰে । সমান্তৰালভাৱে অসমৰ ভ্রাম্যমাণ থিয়েটাৰ জগতখনতো ইয়াৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হয় । চৰকাৰে জনসাধাৰণৰ জীৱন ৰক্ষাৰ স্বার্থত গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে ২০১৯-২০ নাট্যবর্ষত সকলোবোৰ ভ্রাম্যমাণ থিয়েটাৰৰ নাট্যদলে এমাহ পূর্বে নাট্যযাত্রা সামৰিবলগীয়া হোৱাৰ লগতে এতিয়া ২০২০-২১ নাট্যবর্ষলৈকো ভয়াৱহ অনিশ্চয়তা আহি পৰিছে । ফলত উক্ত জগতখনৰ সৈতে জড়িত হৈ পৰিয়ালটিক পোহপাল দি থকা অভিনেতা-অভিনেত্রী, বাদ্যযন্ত্রী, শব্দযন্ত্রী, পোহৰ শিল্পী, ৰান্ধনি সমন্বিতে প্রতিগৰাকী শিল্পীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । শেহতীয়াকৈ সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ তৰফৰ পৰা ছ’ছিয়েল নেটৱর্কিং ছাইটত এটি ভিডিঅ’ৰ জড়িয়তে প্রতিগৰাকী ভ্রাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত শিল্পীয়ে চৰকাৰলৈ কাতৰ আহ্বান জনায় যাতে বিষয়টো ভালদৰে পর্যালোচনা কৰি চায় আৰু তেওঁলোকৰ হিতৰ অর্থে এক উচিত সিদ্ধান্ত গ্রহণ কৰে । অন্যথা এই বিশ্ব-বিৰল তথা প্রতিজন অসমীয়াৰে হিয়াৰ আমঠু ভ্রাম্যমাণ থিয়েটাৰজগতখন চকুৰ সন্মুখতে চিৰদিনৰ বাবে ধ্বংস হৈ যাব । ইতিপূর্বে মুক্তিপ্রাপ্ত ভিডিঅ’টিয়ে বিজ্ঞ মহলত ব্যাপক চর্চা লাভ কৰা দেখা গৈছে । ভিডিঅ’টি ব্যৱস্থাপনাৰ দায়িত্বত আছে দীপাংকৰ ডেকা আৰু ভিকি শর্মা । এই সন্দর্ভত সন্থাৰ সভাপতি তথা জনপ্রিয় নাট্যকাৰ-অভিনেতা চম্পক শর্মাই কয় “কাহানিও কল্পনা নকৰা এক দুর্বিসহ সময় পাৰ কৰিবলগীয়া হৈছে । মঞ্চখনৰ সৈতে প্রত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত প্রতিজন শিল্পীয়ে বর্তমান গভীৰ অর্থসংকটত ভুগিছে । তথাপি আমি আজিও আশাবাদী হৈ আছো, অচিৰেই এই তমসা দূৰ হ’ব আৰু ন-চিন্তা, নতুন পৰিকল্পনাৰে, ঐক্যবদ্ধভাৱে আমি আকৌ আগবাঢ়ি যাব পাৰিম। ” আনহাতে সন্থাৰ যুটীয়া সম্পাদকদ্বয়, অভিনেতা সঞ্জীৱ শর্মা আৰু কৃষ্ণমণি নাথে কয়, অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ এই থলুৱা উদ্যোগটি জীয়াই ৰখাৰ দিশত চৰকাৰখনে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাবোৰৰ ভিতৰত ভ্রাম্যমাণ থিয়েটাৰৰ এই সমস্যাকো অন্তর্ভুক্ত কৰি অচিৰেই এক উচিত ব্যৱস্থা গ্রহণ কৰাটো আমি প্রত্যেকেই বিচাৰো।”