চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা

176

এইবাৰ চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা ।ধিং পৌৰসভাই স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তুলিছে ধিং চহৰ খন ।কিন্তু নিশা চোৰে অধিকাংশ পতাকা চুৰি কৰি লৈ যায়।চোৰৰ এনে কাণ্ডত চাঞ্চল্যৰ সৃষ্টি হৈছে ধিঙত ।ধিং থানাৰ কাষতে এই ঘটনা সংঘটিত হোৱাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ।

আজাদি কা অমৃত মহোৎসৱক আদৰনি জনাই সমগ্ৰ দেশে পালন কৰিছে হৰ ঘৰ ত্ৰিৰঙ্গা। তাৰ মাজতে দেখা গ’ল এক নিন্দনীয় দৃশ্য ধিঙৰ মাজমজিয়াত। উল্লেখ্য যে ধিং পৌৰসভাই গড়কপ্তানি পথৰ ওপৰত অৱস্হিত দিভাইদাৰ সমূহৰ লগতে বিভিন্ন স্হানত শাৰি শাৰিকৈ সজাই তুলিছিল জাতীয় পতাকাৰে। ত্ৰিৰঙ্গাৰে শুৱনি হৈ পৰিছিল ধিঙৰ মাজমজিয়া। তাৰ মাজতে আজি পুৱাই দেখা গ’ল এক নিন্দনীয় দৃশ্য । শাৰী শাৰীকৈ সজাই থোৱা শতাধিক পতাকা চুৰি কৰি নিলে চুৰে। তাৰ পিছতে ধিঙৰ সচেতন মহলৰে মাজত সৃষ্টি হৈছে চাঞ্চল্যতাৰ