চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচীৰ শাস্তিৰ দাবীত হোজাইত প্ৰতিবাদ

100

সমৰ দেৱনাথ, হোজাইঃ ১২ বছৰীয়া বনকৰা ছোৱালী চুমিলা ৰংহাংপীৰ হত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। চুমিলা ৰংহাংপীৰ হত্যাকাৰীক ফাঁচীৰ শাস্তি বিহাৰ দাবীত হোজাই জিলাৰ বৰবহাতো উত্তাল প্ৰতিবাদ সাব্যস্ত হয়।

চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচীৰ শাস্তিৰ দাবী প্ৰতিবাদ

হোজাই জিলা কাৰ্বি ছাত্ৰ সন্থা আৰু কেবাশতাধিক কাৰ্বি জনগোষ্ঠীৰ লোকে প্ৰথমে হত্যাৰ বলি হোৱা কিশোৰী গৰাকীৰ ছৱিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মৃতকৰ আত্মাৰ সদগতি কামনা কৰে৷ তাৰ পিছতে বৰবহাত সাব্যস্ত কৰে প্ৰতিবাদ৷ প্ৰতিবাদীসকলে চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী উত্থাপন কৰে৷